মৃত ব্যক্তিৰ ATM ৰ পৰা টকা উলিয়ালে যাব লগা হব জেইল। নিজৰ মানুহ হলেও নকৰিব এই ভুল !

আজিকালি বেংকিং জগতত বহু পৰিৱৰ্তন হৈছে। আগতে একাউণ্টৰ পৰা ধন উলিয়াবলৈ আমি বেংকত দীঘলীয়া শাৰী পাতি থিয় হ’বলগীয়া হৈছিল। কিন্তু, এতিয়া এটিএম কাৰ্ড, ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ডে আমাৰ কাম সহজ কৰি তুলিছে। এতিয়া যিকোনো এটিএমৰ পৰা যেতিয়াই মন যায় তেতিয়াই সহজে টকা উলিয়াব পাৰিব। কিন্তু, বৰ্ধিত প্ৰযুক্তিৰ সুবিধা আৰু অসুবিধা দুয়োটা আছে। বহু সময়ত কোনো আত্মীয়ৰ মৃত্যুৰ পিছত মানুহে এ টি এম কাৰ্ড ব্যৱহাৰ কৰি তেওঁৰ একাউণ্টৰ পৰা ধন উলিয়ায়। এই পদ্ধতি একেবাৰে ভুল। এইদৰে কাৰোবাৰ মৃত্যুৰ পিছত তেওঁৰ একাউণ্টৰ পৰা ধন উলিওৱাটো একেবাৰেই উচিত নহয়। লগতে মনোনীত ব্যক্তিয়ে এটিএমৰ জৰিয়তে মৃতকৰ একাউণ্টৰ পৰা ধন উলিয়াব নোৱাৰে।

মনোনীত ব্যক্তিয়ে ধন দাবী কৰিব পাৰে

যিকোনো ব্যক্তিৰ মৃত্যুৰ পিছত তেওঁৰ সকলো সম্পত্তি আপোনাৰ নামলৈ ট্ৰেন্সফাৰ কৰিহে সেই ধন উলিয়াব পাৰিব। আইন অনুসৰি কোনো ব্যক্তিৰ মৃত্যুৰ পিছত এটিএমৰ জৰিয়তে তেওঁৰ একাউণ্টৰ পৰা ধন উলিওৱাটো ভুল। ইয়াৰ বাবে প্ৰথমে বেংকক জনাব লাগিব যে একাউণ্টধাৰীৰ মৃত্যু হৈছে। ইয়াৰ পিছত মনোনীত ব্যক্তিয়ে ইচ্ছা কৰিলে সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰি ধন উলিয়াব পাৰে। যদি সেই একাউণ্টত এজনতকৈ অধিক মনোনীত ব্যক্তি থাকে, তেন্তে এনে পৰিস্থিতিত আপুনি সকলো মনোনীত ব্যক্তিৰ সন্মতি পত্ৰখন বেংকক দেখুৱাব লাগিব। ইয়াৰ পিছতহে আপুনি একাউণ্টৰ পৰা ধন উলিয়াব পাৰিব।

মনোনীত ব্যক্তিয়ে সহজেই ধন দাবী কৰিব পাৰে। ইয়াৰ বাবে তেওঁ বেংকলৈ গৈ ক্লেইম ফৰ্ম (Nominee Claim Money on Bank Account) পূৰণ কৰিব লাগিব। ইয়াৰ লগতে তেওঁ বেংক পাছবুক, একাউণ্টৰ টিডিআৰ, এটিএম, চেক বুক, মৃতকৰ মৃত্যুৰ প্ৰমাণ পত্ৰ আৰু তেওঁৰ আধাৰ কাৰ্ড, বিদ্যুতৰ বিল, পেন কাৰ্ড আদি নথি-পত্ৰ জমা দিব লাগিব। ইয়াৰ পিছত বেংকে আপোনাক সহজেই টকাখিনি দিব আৰু মৃতকৰ একাউণ্ট বন্ধ হৈ যাব।

উত্তৰাধিকাৰীসকলেও দাবী কৰিব পাৰে

যদি মৃত ব্যক্তিয়ে তেওঁৰ বেংক একাউণ্টত কোনো মনোনীত ব্যক্তিৰ নাম পঞ্জীয়ন কৰা নাই, তেন্তে এনে পৰিস্থিতিত এই একাউণ্টত থকা ধন সকলো উত্তৰাধিকাৰীৰ মাজত সমানে বিতৰণ কৰিব পৰা যাব। ইয়াৰ বাবে সকলো উত্তৰাধিকাৰীয়ে নিজৰ উত্তৰাধিকাৰীত্বৰ প্ৰমাণ পত্ৰ দেখুৱাব লাগিব। ইয়াৰ পিছত বেংকত ফৰ্ম পূৰণ কৰাৰ সময়ত মৃতকৰ বেংক একাউণ্টৰ পাছবুক, একাউণ্টৰ টিডিআৰ, এটিএম, চেক বুক আৰু মৃতকৰ মৃত্যুৰ প্ৰমাণ পত্ৰ জমা দিব লাগিব। ইয়াৰ লগতে সকলোৱে নিজৰ পৰিচয় পত্ৰও দেখুৱাব লাগিব। ইয়াৰ পিছত বেংকে একাউণ্টত জমা হোৱা ধন আইনী উত্তৰাধিকাৰীক গতাই দিব।

Disclaimer: এই প্ৰতিবেদন কেৱল ইন্টাৰনেটত উপলব্ধ তথ্যৰ উপৰত ভিত্তি কৰি সাধাৰণ জ্ঞান প্ৰদানৰ বাবেহে দিয়া হৈছে, AssamPrime24 এ এই তথ্যৰ নিশ্চয়তা আৰু সত্যতা প্ৰদান নকৰে আৰু দায়িত্ব গ্ৰহণ নকৰে। লেখাবোৰ পঢ়ি ভাল পালে যদি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।

Leave a Comment