চুৰ কৰিব আহি টোপনি ধৰাত গৃহস্থৰ ঘৰতে গোটেই ৰাতি শুই থাকিল চুৰ। পুৱা দেখি আচৰিত গৃহস্থ।

উত্তৰ প্ৰদেশৰ কানপুৰ জিলাৰ পৰা পোহৰলৈ আহিছে এক আচৰিত ঘটনা। য’ত চুৰি কৰাৰ উদ্দেশ্যেৰে এটা ঘৰত প্ৰৱেশ কৰিছিল তিনিটা চোৰ। ইয়াৰ পিছতে দুই চোৰে আলমাৰীৰ তলা ভাঙি তাৰ পৰা নগদ দুই লাখ টকা আৰু চেইন, আঙঠি আৰু গহনা আদি কেইবাটাও সামগ্ৰী লৈ পলায়ন কৰে।

কিন্তু তিনি চোৰৰ ভিতৰত এজনে শুব পৰাকৈ আৰামদায়ক বিচনা এখন বিচাৰি পালে। ৰাতিপুৱা যেতিয়া পৰিয়ালৰ লোকে কোঠাটোলৈ সোমাই গ’ল, তেতিয়া দেখিলে যে এজন যুৱকে বিচনাত আৰামত শুই আছে। এই সন্দৰ্ভত পৰিয়ালৰ লোকে এই বিষয়ে আৰক্ষীক অৱগত কৰে।

আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তক জিম্মাত লোৱা হৈছে।   যুৱকজনে সাৰ পাই চুৰিৰ কথা স্বীকাৰ কৰি তিনিজন সংগীক লৈ ঘৰত প্ৰৱেশ কৰা বুলি কয়। তেওঁ কয় যে তেওঁৰ সহযোগী দুজন সামগ্ৰী লৈ পলাই গৈছে। আৰামদায়ক বিচনা এখন দেখি সি তাতেই শুই পৰিল আৰু গভীৰ টোপনিত পৰিল।  যাৰ বাবে তেওঁ সাৰি যাব নোৱাৰিলে, বৰ্তমান আৰক্ষীয়ে ভুক্তভোগীৰ অভিযোগৰ ওপৰত গোচৰটোৰ তদন্ত কৰি আছে।

Leave a Comment