আমাৰ শৰীৰক যেনেকৈ পানী, বায়ু আৰু খাদ্যৰ প্ৰয়োজন। ঠিক তেনেদৰে শৰীৰে সঠিকভাৱে কাম কৰিবলৈ ভাল টোপনিৰ প্ৰয়োজন। যদি শৰীৰে পৰ্যাপ্ত পৰিমাণে টোপনি নাপায় তেন্তে বহু ধৰণৰ শাৰীৰিক আৰু মানসিক সমস্যাৰ সৃষ্টি হ’ব পাৰে। পৰ্যাপ্ত পৰিমাণে টোপনি নোপোৱাৰ বাবে আন মানুহতকৈ আপুনি ৰোগৰ আশংকা বেছি। ২০১০ চনত কৰা এক গৱেষণাৰ পৰা জানিব পৰা গৈছে যে সোনকালে শুই থকা লোকতকৈ ৰাতি দেৰিকৈ শুই থকা লোকৰ মানসিক ৰোগৰ আশংকা বেছি। যদি আপুনিও যদি গভীৰ নিশা মোবাইল চায়, লেপটপ ব্যৱহাৰ কৰে বা কোনো কাৰণত গভীৰ নিশা সজাগ থাকে, তেন্তে এই অভ্যাস সলনি কৰিব লাগিব। গভীৰ নিশা শুই শৰীৰত হোৱা ৰোগৰ বিষয়ে জানো আহক।
হৃদযন্ত্ৰৰ সমস্যাৰ আশংকা
চিডিচিৰ মতে, গভীৰ নিশা শুই থকাৰ বাবে হৃদযন্ত্ৰৰ সমস্যাৰ সম্ভাৱনা বহুগুণ বৃদ্ধি পায়। ৰাতি দেৰিকৈ শুলে উচ্চ ৰক্তচাপ হয়, যাৰ ফলত ষ্ট্ৰোক আৰু হৃদযন্ত্ৰৰ সমস্যাৰ দৰে বিপজ্জনক ৰোগ হ’ব পাৰে।
ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে
কম টোপনিৰ সমস্যাই আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি তোলে। চিডিচিৰ মতে যদি কোনো ব্যক্তিয়ে পৰ্যাপ্ত পৰিমাণে টোপনি নাপায় তেন্তে তেওঁৰ সংক্ৰমণৰ সম্ভাৱনা দ্ৰুতগতিত বৃদ্ধি পায়। তেনে লোকো ৰোগৰ চিকাৰ সহজে পৰে।
যৌন ক্ষমতা প্ৰভাৱিত হয়
মহিলাৰ টোপনিৰ লগত যৌন ইচ্ছা আৰু উত্তেজনাৰ সম্পৰ্ক আছে। যদি এগৰাকী মহিলাই গভীৰ নিশা সাৰ পাই থাকে তেন্তে তেওঁৰ যৌন ক্ষমতা কমি যায়। একে সময়তে পৰ্যাপ্ত পৰিমাণে টোপনি অহা মহিলাৰ যৌন ক্ষমতাও ভাল।
ডায়েবেটিছৰ কাৰণ
ভাৰতত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে ডায়েবেটিছ ৰোগী। ডায়েবেটিছৰ এটা প্ৰধান কাৰণ হ’ল পৰ্যাপ্ত টোপনি নোহোৱা। দৰাচলতে ৰাতি ৭ৰ পৰা ৮ ঘণ্টা টোপনি পালে তেজৰ চেনিৰ নিয়ন্ত্ৰণ উন্নত কৰাত সহায়ক হয়। যাৰ বাবে ডায়েবেটিছৰ সম্ভাৱনা কমি যায়।
কেন্সাৰৰ আশংকা
আজিকালি দেশত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে কৰ্কট ৰোগী। কেন্সাৰৰ এটা প্ৰধান কাৰণ হ’ল পৰ্যাপ্ত পৰিমাণে টোপনি নোপোৱা। এক গৱেষণাৰ মতে, ৰাতি দেৰিলৈকে সাৰ পাই থকা লোকসকলে সাধাৰণ মানুহতকৈ প্ৰায়ে বেছিকৈ জাংক ফুড, চাহ আৰু চিগাৰেট সেৱন কৰে, যাৰ বাবে কেন্সাৰ হোৱাৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পায়।
*এই প্ৰতিবেদন কেৱল ইন্টাৰনেটত উপলব্ধ তথ্যৰ উপৰত ভিত্তি কৰি সাধাৰণ জ্ঞান প্ৰদানৰ বাবেহে দিয়া হৈছে, AssamPrime24 এ এই তথ্যৰ নিশ্চয়তা আৰু সত্যতা প্ৰদান নকৰে আৰু দায়িত্ব গ্ৰহণ নকৰে। লেখাবোৰ পঢ়ি ভাল পালে যদি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।