কিমান দিন ৰিচাৰ্জ নকৰিলে চিম কার্ড একেবাৰে বন্ধ কৰি দিয়ে ?বেলেগে পাব আপুনাৰ চিম কার্ড।

আচলতে কোম্পানীয়ে আপোনাৰ চিম নম্বৰটো আন কাৰোবালৈ ট্ৰেন্সফাৰ কৰাৰ আগতে বহু ষ্টেপ সম্পূৰ্ণ কৰে। প্ৰথম কথা, যেতিয়া আপুনি আপোনাৰ ফোনটো ৬০ দিনলৈ ৰিচাৰ্জ নকৰে, তেতিয়া আপোনাৰ চিমটো নিষ্ক্ৰিয় হৈ পৰে।

ইয়াৰ পিছত আপোনাক প্ৰায় ৬ৰ পৰা ৯ মাহৰ সময় দিয়া হয়, য’ত আপুনি পুনৰ ৰিচাৰ্জ কৰি বা পুনৰ ব্যৱহাৰ কৰি নম্বৰটো সক্ৰিয় কৰিব পাৰে। যদি আপুনি ইয়াৰ পিছতো চিম ব্যৱহাৰ নকৰে, তেন্তে কেইবাবাৰো সতৰ্কবাণী দিয়াৰ পিছত কোম্পানীয়ে চিমৰ ম্যাদ উকলি যোৱাৰ প্ৰক্ৰিয়াৰ দিশে আগবাঢ়ি যায়।

কেইমাহমান অপেক্ষা কৰাৰ পিছত চিম নম্বৰটো আন কাৰোবালৈ ট্ৰেন্সফাৰ হয়। এই প্ৰক্ৰিয়াত প্ৰায় এবছৰ সময় লাগে। এনে পৰিস্থিতিত ধৰি ল’ব পাৰি যে যিকোনো ব্যক্তিৰ চিম কাৰ্ড আন এজনলৈ ট্ৰেন্সফাৰ হ’বলৈ প্ৰায় এবছৰ সময় লাগে।

*এই প্ৰতিবেদন কেৱল ইন্টাৰনেটত উপলব্ধ তথ্যৰ উপৰত ভিত্তি কৰি সাধাৰণ জ্ঞান প্ৰদানৰ বাবেহে দিয়া হৈছে, AssamPrime24 এ এই তথ্যৰ নিশ্চয়তা আৰু সত্যতা প্ৰদান নকৰে আৰু দায়িত্ব গ্ৰহণ নকৰে। অধিক নিশ্চিত বিৱৰণৰ বাবে বিশেষজ্ঞ আৰু অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওঁক।লেখাবোৰ পঢ়ি ভাল পালে যদি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।

Leave a Comment