মাৰ কাম কেৱল চাহ ভাত বনোৱা হে নেকি ? সন্তানৰ সফলতাৰ শ্ৰেয় কিয় পত্নীক দিব বিছৰা নাছিল অনুজে ?

সেইদিনা ঘৰতে এটা সৰু পাৰ্টি দিছিল, প্ৰাচীৰ কন্যা অভনী আৰু পুত্ৰ আকাশ দুয়ো পঢ়া শেষ কৰি সফলতাৰ জখলাত ভৰি দিছিল। কিন্তু পাৰ্টিৰ সময়তো প্ৰাচীৰ মনটো অলপ দুখী আৰু বিচলিত হৈ পৰিছিল।স্বামী অনুজৰ ধেমালিৰ কথাই তাইৰ হৃদয়ত আঘাত দি থাকিল। প্ৰাচীয়ে পৰিয়ালটোৰ কাৰণে কি নকৰিলে, আপোনজনৰ সপোনৰ বাবে, তাই নিজেই সপোনবোৰ পাহৰি গৈছিল, পৰিয়ালৰ স্বাৰ্থত নিজৰ অস্তিত্ব হেৰুৱাই পেলাইছিল, পাহৰি গৈছিল যে তাইৰ নিজস্ব ব্যক্তিত্ব আছে!

ঠিক সেই সময়তে স্বামীৰ বন্ধু আলোকে ক’লে ” বৌ, এই সকলোবোৰ তোমাৰ ত্যাগ আৰু তপস্যাৰ ফল যে আজি দুয়োটা সন্তান সফল হৈছে, অনুজে বন্ধু আলোকক বাধা দি ক’লে, “মই বিশ্বাস নকৰো যে প্ৰাচীৰ কাৰণে এই ল’ৰা-ছোৱালী কেইটা সফল হৈছে । ভাত চাহ দিয়াৰ বাহিৰে আন কিবা তাইৰ আন কিবাঅৱদান আছে নেকি ? আৰু প্ৰতিগৰাকী মহিলাই ঘৰ আৰু সন্তানৰ বাবে এই কামবোৰ দেখোন কৰেই।

দামী স্কুলত ল’ৰা-ছোৱালীক পঢ়াইছিলোঁ, তেওঁলোকৰ ভৱিষ্যতৰ দিশ নিৰ্ধাৰণ কৰিছিলোঁ, পানীৰ দৰে তেওঁলোকৰ শিক্ষাৰ বাবে ধন খৰচ কৰিছিলোঁ, যাৰ বাবে তেওঁলোকৰ সফলতাৰ কৃতিত্ব মোৰ আৰু কেৱল মোৰহে।’-অনুজে ডাঙৰকৈ হাঁহিলে।

ধেমালি আছিল যদিও কথা খাৰে প্ৰাচীৰ হৃদয়ত বজ্ৰপাতৰ দৰে আঘাত দিলে, তাই বহি থাকিব নোৱাৰিলে, ব্ৰেকফাষ্টৰ ট্ৰেখন তুলি লৈ পাকঘৰলৈ আহি তাই আনৰ চকুৰ পৰা আঁতৰি কান্দিবলৈ ধৰিলে, মই গোটেই জীৱন কেৱল ভাত চাহ হে বনাইছো নেকি বুলি ভাবি। মই কেৱল কাম কৰিছো, মোৰ অস্তিত্ব কেৱল এই ঘৰত, নে ল’ৰা-ছোৱালীৰ সফলতাত?

প্ৰাচী নিজৰ অতীতত উপনীত হৈছিল য’ৰ পৰাই তাইৰ ঘৰখন আৰম্ভ হৈছিল। তাইৰ আজিও মনত আছে যেতিয়া তাই বোৱাৰী হৈ এই ঘৰলৈ আহিছিল। দুচকুত হাজাৰ হাজাৰ সপোন লৈ জীৱনটো আৰম্ভ কৰিছিল। কিন্তু অনুজৰ এই আচৰণে তাইক খোজে খোজে ভাঙি পেলালে। সন্মান বাদ দিয়ক, বৰঞ্চ সি যিকোনো সময়তে বেলেগৰ সন্মুখত তাইক অপমান কৰে আৰু সি হয়তো গম নাপাই যে তাৰ কথা বোৰে প্ৰাচীৰ হৃদয়খন কিমান ভাঙি পেলাইছিল। এতিয়া বুলিয়ে নহয়, দুয়োটা সন্তানৰ বাবে, ঘৰৰ বাবে, পৃথিৱীৰ বাবে, প্ৰাচীয়ে প্ৰতিটো অপমান প্ৰতিটো খোজতে গ্ৰহণ কৰি আহিছে।

দুয়োটা সন্তানৰ জন্মৰ পিছত প্ৰাচিয়ে কেৱল ল’ৰা-ছোৱালীৰ বাবেই জীয়াই আছিল। দুই সন্তানে সফলতাৰ চিৰি বগাই নিজাকৈ এটা স্থান অৰ্জন কৰিব লাগে মাথোঁ , এইটোৱে প্ৰাচীৰ দুচকুত মাথোঁ এটা সপোন আছিল। প্ৰাচীয়ে জন্মৰ পৰাই দুয়োটা সন্তানকে ভাল আচাৰ-ব্যৱহাৰ কৰিছিল, ল’ৰা-ছোৱালীক বুজাইছিল যে সকলোৰে সন্মান কৰিব লাগে।

তেনেতে অভনীয়ে আহি মাকক হাতখনত ধৰ পাৰ্টীলৈ লৈ যায়, আৰু আলোকক কয়,”হয় খুৰা, আমাৰ সফলতাৰ কৃতিত্ব কেৱল আমাৰ দেউতালৈহে যায়, যিজনে আজিলৈকে আমাৰ কোনো স্কুলৰ মিতিঙত প্ৰায়েই উপস্থিত নাছিল, আমাৰ শৈশৱত আমাৰ লগত উপস্থিত নাছিল। তেওঁৰ চাগে আনকি মনটো নাই যে আমি কোনটো শ্ৰেণীত কোনটো শাখাত পঢ়ি আছিলোঁ “

কোন বিষয়ত আমি দুৰ্বল আৰু কোনটো বিষয় আমাৰ প্ৰিয়। আমি আমাৰ ভৱিষ্যতত কি হ’ব বিচাৰো, কি কৰিব বিচাৰো সেইয়া কোনোদিনে সুধা নাছিল। দেউতাই আমাৰ লগত কেতিয়াও কথা পতা নাছিল। স্কুলৰ প্ৰজেক্ট, কেতিয়া জমা দিব লাগিব কি বস্তু আনিব, সকলো মায়ে কৰিছিল। ঘৰৰ হাজাৰ হাজাৰ কাম থকাৰ পিছতো মায়ে আমাক পূৰ্ণ সময় দিলে।

কাৰ পৰা টিউচন ল’ব, কোন বিষয়ত আমি দুৰ্বল, মাচুল জমা দিবলগীয়া হোৱালৈকে, বেমাৰ হ’লে মায়ে স্কুলৰ পৰা নিবলৈ গৈছিল, ডাক্তৰক দেখুৱাইছিল, গোটেই ৰাতি সাৰে থাকিছিল, তাৰ পিছত সোনকালে সাৰ পাইছিল ৰাতিপুৱা যেতিয়া বাকী সকলোৱে শুই আছিল। তেওঁ কামত ব্যস্ত হৈছিল, ছুটীত হোমৱৰ্ক ত সহায় কৰিছিল কৰিছিল, মায়ে সকলো কাম কৰিছিল।

মায়ে গান শুনিবলৈ বৰ ভাল পাই , কিন্তু আমাৰ পঢ়া-শুনাত সমস্যা নহওঁক বা দেউতাৰ টোপনি ক্ষতি নহওঁক বুলিয়ে মায়ে নিজৰ ইমান সৰু চখ এটাও পূৰণ কৰিব পৰা নাছিল। মা নিজৰ সময়ত ভাল বিহুৱতি আছিল যদিও পৰিয়ালৰ সন্মুখত সপোন পাহৰি গ’ল। আমাৰ সকলোৰে সুখৰ বাবে মায়ে প্ৰতিটো খোজতে পাহৰি যোৱা নিজৰ অস্তিত্ব পাহৰি গৈছিল।

আমি আমাৰ দেউতাৰ আচৰণৰ পৰা উপলব্ধি কৰিলোঁ যে আমি আমাৰ মাৰ কষ্টক ৰং দিব লাগিব, তেওঁৰ হেৰুৱা অস্তিত্ব ঘূৰাই আনিব লাগিব, আমাৰ সফলতাৰ কৃতিত্ব পৰোক্ষভাৱে কেৱল দেউতাকলৈ যায় নেকি? মা নহয় নেকি…. ? মাকলৈ চাই অভনীয়ে মৃদু ভাবে হাঁহিলে।

কন্যা অভনীৰ কথা শুনি অনুজৰ মুখখন কলা পৰি গল, আজি সি নিজৰ পত্নীক কৰা আচৰণৰ অনুশোচনা কৰি আছিল। লাজতে সি অৱনিক একো ক’ব নোৱাৰিলে, বন্ধু আলোকক ক’লে, আহ আহ, ওপৰলৈ যাওঁ, পাৰ্টি উপভোগ কৰোঁ, এইবোৰ কথা পাতি নাথাকো আৰু।

Leave a Comment