মেট্ৰিক হায়াৰ চেকেণ্ডেৰী ত ভাল ফলাফল লাভ কৰা ছাত্ৰ ছাত্ৰীক ধূপৰ পোহৰত পঢ়া আদি বাক্যৰে তেওঁলোকৰ কষ্ট আৰু ত্যাগক অপমান ! আপুনি কি ভাৱে?

এদিন দুদিন পাছত মেট্ৰিক হায়াৰ চেকেণ্ডেৰী ৰ পৰীক্ষাৰ ফলাফল ঘোষণা হব… লগে লগে আবিৰ্ভাৱ হব ইতিকিং সূচক কথা বোৰ… আৱেদন এখন লিখিব নোৱাৰা বোৰেও মিম বনাব, স্থান পোৱা কেইটাৰ ওপৰত সীমিত জ্ঞানেৰে ইতিকিং কমেণ্ট দিব এই ধৰক ” ইহঁতে ভাল ৰিজাল্ট কৰি বেলেগত হে গুছি যাব, সমাজৰ একো কাম নকৰে, মাক দেউতাকক বৃদ্ধা আশ্ৰমত থব অমুক তমুক…

মিম পেজ আৰু পাবত গজা দুটামান ইউটিউবাৰে ধেমালিৰ নামত অপমান জনক ভিদিঅ’ বনাব এই ধৰক “মই ধুপৰ পোহৰত পঢ়িছিলোঁ”, “ধেৰেকনিৰ পোহৰত পঢ়িছিলোঁ”, “নিজে কিতাপ লিখি পঢ়িছিলোঁ” আং বাং ইত্যাদি…

আচলতে কথাবোৰ ব্যংগাত্মক মুঠেই নহয়, অতীতৰ আপুনি নিজে মেট্ৰিক দিয়া সময় খিনি লৈ ঘুৰি গলেই বুজিব নিজে কিমান কষ্ট কৰিছিল, কিমান ত্যাগ কৰিছিল। হয় আগতকৈ সুবিধা বোৰ বেছি কিন্তু তাৰ অৰ্থ এইটো নহয় যে বৰ্তমানৰ বোৰে কষ্ট কৰা নাই, সংগ্ৰাম কৰা নাই… নিজেই সাক্ষী মই, ঘৰৰ ওচৰৰ লৰা টোয়ে কিমান কষ্টৰ মাজৰে পৰীক্ষা দিছে.. অলপ বৰষুণ পৰিলেই পঢ়া সামৰি পানী টুকে, দেউতাক বেমাৰত পৰি আছে যোৱা দুবছৰে ধৰি… মাক স্কুলৰ ভাত ৰান্ধনী… অলপ জোৰেৰে বতাহ বৰষুণ আহিলেই বিছনা তলত সোমাব লগা হয়… ঘৰত কাৰেণ্টৰ কোনো ব্যৱস্থা নাই, সিওঁ চাকিৰ পোহৰতে পঢ়িছে , তেনেকৈয়ে পৰীক্ষা দিছে। এইটো মাথোঁ সৰু উদাহৰণ হে…

যিটো আপুনালোকে হাঁহিৰ কাৰণ হিচাপে লৈছে কোনোবাই সেই জীৱন সঁচাই জীয়াই আছে, গতিকে ধূপৰ পোহৰ, ধেৰেকনিৰ পোহৰ আদি অৰ্থহীন কথা কৈ নিজৰ ঠেক মানসীকতাৰ পৰিচয় নিদিব…কাৰণ সিঁহতে সহানুভূতি পাবৰ বাবে নিজৰ সংগ্ৰামৰ কাহিনী ব্যক্ত নকৰে, মনৰ দুখত প্ৰকাশ কৰে। ধনী দুখীয়া বাদ দিয়ক, সফলতা পাইছে যদি শুভেচ্ছা দিয়ক , বিফল হৈছে যদি সাহস দিয়ক উৎসাহ দিয়ক,আৰু যদি নোৱাৰে অন্ততঃ চুপ চাপ বহি থাকক…

লেখাবোৰ পঢ়ি ভাল পালে যদি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।

Leave a Comment