প্ৰায়বোৰ ঘৰতে নেমুৰ ৰস ব্যৱহাৰ কৰা হয়। নেমুৰ হজম শক্তি নিৰাময় কৰাৰ লগতে খাদ্যৰ সোৱাদও বৃদ্ধি কৰে। আপোনালোকৰ বহুতেই নেমুৰ ৰস ইয়াৰ বাকলি টোক আৱৰ্জনা বুলি বিবেচনা কৰি পেলাই দিয়ে, কিন্তু, ইচ্ছা কৰিলে ইয়াৰ বাকলিটোৰ পৰা মিঠা আৰু টেঙা চাটনি বনাব পাৰে।
নেমুৰ বাকলি স্বাস্থ্যৰ বাবে উপকাৰী। গ্ৰীষ্মকালত শৰীৰৰ উষ্ণতা বৃদ্ধি হ’বলৈ নিদিয়ে। নেমুৰ বাকলিৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। ওজন কমাবলৈ ই সহায়ক। লগতে মুখৰ স্বাস্থ্যও উন্নত কৰাত সহায় কৰিব পাৰে। ভিটামিন চি ইয়াত প্ৰচুৰ পৰিমাণে পোৱা যায়। নেমুৰ বাকলিৰ চাটনি বনাবলৈ অতি সহজ। তাৰ ৰেচিপি জানো আহক…
নেমুৰ বাকলিৰ চাটনিৰ বাবে উপাদান
- নেমুৰ বাকলি – আধা বাটি
- হালধি – আধা চামুচ
- জিৰা – আধা চামুচ
- চেনি – ১ চামুচ
- তেল – ১ চামুচ
- নিমখ – আধা চামুচ
- ৰঙা জলকীয়া – আধা চামুচ
নেমুৰ বাকলিৰ চাটনি কেনেকৈ বনাব
- সোৱাদযুক্ত নেমুৰ বাকলিৰ চাটনি বনাবলৈ প্ৰথমে দাগ নথকা সতেজ নেমু লব লাগে।
- ইয়াৰ পিছত পানীখিনি গৰম হ’বলৈ পাত্ৰ এটাত ৰাখি বাচনটোৰ ওপৰত চালনী এখন ৰাখি নেমুখিনি কিছু সময় থৈ দিব।
- বাকলিটো সিজাৰ পিছত এটা বাটিত উলিয়াই টুকুৰা টুকুৰকৈ কাটি লওক।
- কটা বাকলি খিনি মিক্সিত পিহি লওক।
অধিক পঢ়কঃ আমৰ লগত বা আন খোৱাৰ ৩ ঘণ্টাৰ পিছলৈ এইবোৰ বস্তু নাখাব। কৰি তুলিব অসুস্থ।
- এতিয়া এই চাটনি বনাবলৈ কেৰাহীত ১ চামুচ তেল দি কম জুইত গৰম কৰক।
- ইয়াৰ পিছত জিৰা আৰু ৰঙা জলকীয়া দি ভাজিব।
- তাত নেমুৰ পিহি লোৱা মিশ্ৰণটো দিব।
- চাটনিত ৰুচি অনুসৰি নিমখ আৰু চেনি দি ৫ মিনিট ভাজিব। এইদৰে নেমুৰ চাটনি সাজু হ’ব।
*এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ বাবেহে দিয়া হৈছে, AssamPrime24 এ এই তথ্যৰ নিশ্চয়তা প্ৰদান নকৰে আৰু দায়িত্ব গ্ৰহণ নকৰে। অধিক নিশ্চিত বিৱৰণৰ বাবে বিশেষজ্ঞ আৰু অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওঁক।লেখাবোৰ পঢ়ি ভাল পালে যদি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।