ষষ্ঠ শ্ৰেণিতে ফেইল কৰা শ্ৰী মতী ৰুক্মণি ৰিয়াৰ বৰ্তমান এগৰাকী আই এ এছ সফল বিষয়া। পঢ়ক এই প্ৰেৰণাদায়ক বাৰ্তা।

প্ৰতিজন ব্যক্তিৰ জীৱনত বহু উত্থান-পতন ঘটে আৰু প্ৰতিটো খোজতে সফলতা লাভ কৰাটো প্ৰয়োজনীয় নহয়।পৰাজয়ৰ চিৰি বগাইহে গন্তব্যস্থান লাভ কৰে। সপোনক মনত ৰাখি আগবাঢ়ি গ’লে সকলো সাধনযোগ্য। আই এ এছ বিষয়া ৰুক্মিণী ৰিয়াৰে ৬ষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতে ফেইল কৰিছিল যদিও আপুনি জানি আচৰিত হ’ব যে ২০১১ চনত যেতিয়া তেওঁ UPSC পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেতিয়া তেওঁ অল ইণ্ডিয়া ৰেংক ২ পাইছিল। আজি তেওঁৰ প্ৰেৰণাদায়ক কাহিনী জানো আহক।

ভয়ত জয়ী হৈ আগবাঢ়ি গ’ল আই এ এছ ৰুক্মিণী ৰিয়াৰ

পঞ্জাৱৰ গুৰদাসপুৰৰ বাসিন্দা ৰুকমণি ৰিয়াৰ পঢ়া-শুনাত মধ্যমীয়া হিচাপত আছিল যদিও ৬ষ্ঠ মানত ফেইল কৰিছিল, যাৰ বাবে তেওঁ ভয় খাইছিল। ইয়াৰ পিছত তেওঁৰো হতাশা হৈছিল আৰু তেওঁ বিফল হোৱাত যথেষ্ঠ লাজ পাইছিল। তেওঁ বৰ ভয় খাইছিল পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ লগত কথা পাতিবলৈ। কেইবামাহো মানসিক চাপত থকাৰ পিছত তেওঁ সিদ্ধান্ত ল’লে যে তেওঁ কোনো ব্যৰ্থ নহ’ব আৰু মাক-দেউতাকৰ বাবে গৌৰৱ কঢ়িয়াই আনিব।

স্কুলীয়া শিক্ষা শেষ কৰি অমৃতসৰৰ পৰা পঢ়া-শুনা সমাপ্ত কৰি গুৰু নানক দেৱ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে ৰুকমণীয়ে। মুম্বাইৰ টাটা ইনষ্টিটিউটতো নামভৰ্তি কৰে। স্নাতক হোৱাৰ সময়ত তেওঁক স্বৰ্ণ পদকেৰে সন্মানিত কৰা হৈছিল। মুম্বাইত থাকি অন্নপূৰ্ণা মহিলা মণ্ডলৰ লগত ইন্টাৰশ্বিপ সম্পূৰ্ণ কৰিছিল ৰুকমণীয়ে। ইয়াৰ পিছত তেওঁ ইউ পি এছ চিৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিলে।

অধিক পঢ়কঃ বিড়ি বনাই জীৱন নিৰ্বাহ কৰা ল'ৰাতো বৰ্তমান আমেৰিকাৰ ন্যায়াধীশ। এজন ভাৰতীয়ৰ সফলতাৰ কাহিনী।

UPSC পৰীক্ষাৰ বাবে কেনেদৰে প্ৰস্তুতি চলালে ?

UPSC পৰীক্ষাৰ বাবে তেওঁ বহুত কষ্ট কৰি প্ৰস্তুতি চলাইছিল আৰু দৈনিক বাতৰি কাকত পঢ়াৰ উপৰিও পুৰণি প্ৰশ্ন বোৰো সমাধান কৰিছিল। ফলত ৰুকমণি ৰিয়াৰে প্ৰথম প্ৰচেষ্টাতে সফলতা লাভ কৰে। ২০১১ চনত ৰুকমণীয়ে ইউ পি এছ চি অল ইণ্ডিয়া ৰেংক ২ লাভ কৰাৰ লগতে ৰাইজৰ আগত এটা উদাহৰণো দাঙি ধৰিলে যে যদি কিবা এটা কথা মনত ৰাখি নিৰ্ধাৰণ কৰা হয় তেন্তে সেইটো সম্পন্ন কৰিব পৰা যায়। বৰ্তমান শ্ৰীগংগনগৰ জিলা উপায়ুক্তৰ পদত অধিষ্ঠিত হৈ আছে আই এ এছ ৰুক্মিণী ৰিয়াৰ।

আই এ এছ ৰুক্মিণী ৰিয়াৰৰ বিষয়ে জানি কেনে লাগিল কওকচোন। যদি আপুনি এই লেখাটো ভাল পাইছে, তেন্তে শ্বেয়াৰ কৰক আৰু এনে আন লেখা পঢ়িবলৈ আমাৰ ৱেবছাইট AssamPrime24 ৰ সৈতে সংযুক্ত হৈ থাকক।

Leave a Comment