এইবোৰ সমস্যা থাকিলে ভুলটো নাখাব অমিতা। হব পাৰে বৃহৎ ক্ষতি।

এই লোকসকলে অমিতা পৰিহাৰ কৰিব লাগে, নহ’লে ক্ষতি বহন কৰিবলগীয়া হ’ব পাৰে।
ফলমূলক পুষ্টিকৰ পদাৰ্থৰ ভঁৰাল বুলি কোৱা হয়। ইয়াৰে এটা হ’ল ‘অমিতা’। শৰীৰক পৰ্যাপ্ত পুষ্টি আৰু শক্তি প্ৰদান কৰাৰ লগতে বহু ৰোগৰ নিৰাময় হিচাপে অমিতা খোৱাটো বাঞ্ছনীয়। ইয়াত আঁহ, ভিটামিন আৰু খনিজ পদাৰ্থ প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰ দ্বাৰা শৰীৰক বহু গুৰুতৰ ৰোগৰ আশংকাৰ পৰা সুৰক্ষিত ৰখাত সহায়ক হ’ব পাৰে।

কিন্তু কিছুমান মানুহৰ বাবে ই ক্ষতিকাৰক বুলিও প্ৰমাণিত হ’ব পাৰে। জানো আহক কোন কোন মানুহে অমিতা খাব নালাগে- স্বাস্থ্য বিশেষজ্ঞৰ মতে যদি আপুনি তেজ পাতল কৰা ঔষধ খাই আছে তেন্তে কিম্বন কৰা পেঁপা আপোনাৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে। প্ৰায়ে হৃদৰোগৰ লগত জড়িত লোকে এই ঔষধ সেৱন কৰে, যাতে ৰক্ত সঞ্চালনত কোনো সমস্যা নহয়। যদি এনে ৰোগীয়ে অমিতা খায়, তেন্তে আঘাতৰ লগে লগে তেজ সহজে বৈ যাবলৈ আৰম্ভ কৰে।

অধিক পঢ়কঃ কঠাঁলৰ ভিতৰত পোধৰ ৱা এই বস্তু ডায়েবেটিচ ৰোগীৰ বাবে আশীৰ্বাদ স্বৰূপ।ঔষধৰ দৰে কৰিব কাম।

গৰ্ভৱতী মহিলাই অমিতা একেবাৰে সেৱন কৰিব নালাগে। অমিতাত লেটেক্স আৰু পেপেইন থাকে যাৰ ফলত জৰায়ুৰ সংকোচন হ’ব পাৰে। ইয়াৰ কাৰণে সময়ৰ আগতেই প্ৰসৱ বেদনা হ’বলৈ আৰম্ভ কৰে। ভ্ৰুণক সহায় কৰা আৱৰণবোৰো দুৰ্বল কৰি তুলিব পাৰে। কিন্তু বেছিভাগেই অপকীয়া অমিতা খালে এই সমস্যাৰ সৃষ্টি হ’ব পাৰে।

লেটেক্সৰ এলাৰ্জী থকা লোকসকলে অমিতা খোৱাৰ পৰা বিৰত থাকিব লাগে। অমিতাত চাইটিনেজ নামৰ এনজাইম থাকে, যাৰ ফলত লেটেক্স আৰু ইয়াত থকা খাদ্যৰ মাজত ক্ৰছ ৰিয়েকচন হ’ব পাৰে। যাৰ বাবে হাঁচিৰ সমস্যা, উশাহ-নিশাহ লোৱাত অসুবিধা, কাহ আৰু চকুত পানী ওলোৱাৰ সমস্যা হ’ব পাৰে।

অধিক পঢ়কঃ ওজন হ্ৰাস কৰিবলৈ দৈনিক ৰাতিপুৱা ৩০ মিনিট কৰক এই কাম। বৰফৰ দৰে গলিব চৰ্বি।

যদি আপুনি হাঁপানী ৰোগী, তেন্তে অমিতা পৰা দূৰত্ব বজাই ৰাখক। কাৰণ এই ফলত থকা এনজাইম হাঁপানী ৰোগীৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে। বিশেষজ্ঞসকলৰ মতে অমিতাত ভিটামিন-চিৰ পৰিমাণ অতি বেছি। ইয়াত পোৱা এন্টিঅক্সিডেন্টে বৃক্কৰ পাথৰৰ সমস্যা আৰু অধিক বৃদ্ধিৰ কাম কৰিব পাৰে। ভিটামিন চি অত্যধিক সেৱনৰ ফলত কেলচিয়াম অক্সালেট কিডনী ষ্টোনৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ দ্বাৰা শিলৰ আকাৰো বৃদ্ধি পাব পাৰে। ইয়াৰ ফলত প্ৰস্ৰাৱ কৰাত অতি কঠিন হৈ পৰে।

*এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ বাবেহে দিয়া হৈছে, AssamPrime24 এ এই তথ্যৰ নিশ্চয়তা প্ৰদান নকৰে আৰু দায়িত্ব গ্ৰহণ নকৰে। অধিক নিশ্চিত বিৱৰণৰ বাবে বিশেষজ্ঞ আৰু অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওঁক।লেখাবোৰ পঢ়ি ভাল পালে যদি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।

1 thought on “এইবোৰ সমস্যা থাকিলে ভুলটো নাখাব অমিতা। হব পাৰে বৃহৎ ক্ষতি।”

Leave a Comment