এই ৫ বিধ সামগ্ৰী ব্যৱহাৰ কৰি দূৰ কৰক ফটা গোৰোহাৰ সমস্যা। ঘৰুৱা সামগ্ৰীৰে চিকিৎসা।

Cracked Heels Remedies: শীতকাল অহাৰ লগে লগে গোৰোহা ফাটি যোৱাৰ সমস্যা আৰম্ভ হয়। শীতকালৰ ঠাণ্ডা আৰু শুকান বতাহ আৰু ভৰি দুখন অত্যধিক পানীত ডুবাই ৰখাৰ বাবেও এনে হয়। বিশেষকৈ ঘৰৰ কাম কৰা মহিলাসকলে এই ফাটি যোৱা গোৰোহাৰ সমস্যাত ভুগিবলগীয়া হয়। ভৰিৰ সঠিক যত্ন ল’ব নোৱাৰাৰ বাবে ভৰিৰ গোৰোহাৰ ফাটবোৰ গভীৰ হ’বলৈ আৰম্ভ কৰে। ইয়াত জানি লওক যে কেনেকৈ সহজ ঘৰুৱা উপায়েৰে গোৰোহা ফাটি যোৱাৰ সমস্যা দূৰ কৰিব পাৰি।

নেমু আৰু চেনি

৫ মিনিটৰ এই পদ্ধতিটো গ্ৰহণ কৰাৰ প্ৰভাৱ গোৰোহাত অতি সোনকালেই দেখা যায়। মাত্ৰ এটা নেমু লৈ আধা কাটিব লাগিব। এটা বাটিত চেনি লৈ এই চেনিত নেমু এটুকুৰা লগাই ভৰিত ঘঁহিবলৈ আৰম্ভ কৰক। গোৰোহাৰ ফাটত চেনি গলিলে শুকুৱাবলৈ দিব। ভৰিত চেনি শুকাই যোৱাৰ পিছত ধুই পেলাওক।

এলোভেৰা আৰু গ্লিচাৰিন

এলোভেৰাৰ নিৰাময় গুণে শুকান ছালত বিশেষভাৱে ভাল প্ৰভাৱ দেখুৱায়। ইয়াৰ লগতে ই গোৰোহাৰ ছালত আৰ্দ্ৰতাও প্ৰদান কৰে। এটা বাটিত ২ চামুচ এলোভেৰা জেল লৈ তাত এচামুচ গ্লিচাৰিন মিহলাই লওক। এই মিশ্ৰণ ভৰিত লগাব। ৰাতি শুব সময়ত লগাব পাৰে।

মৌ

মৌৱে প্ৰাকৃতিক এন্টিচেপ্টিক হিচাপে কাম কৰে। ইয়াক ফাটি যোৱা গোৰোহাত লগাব পাৰি। মৌ ব্যৱহাৰ কৰিবলৈ বাল্টি এটা লৈ আধালৈ গৰম পানীৰে ভৰাই লওক। তাত একাপ মৌ দি ভৰি দুখন ১৫ৰ পৰা ২০ মিনিট তিয়াই থওক। ইয়াৰ পিছত টাৱেলেৰে ভৰি দুখন পৰিষ্কাৰ কৰিব লাগে। এই ৰেচিপিৰ দ্বাৰা গোৰোহা কোমল হ’ব আৰু মৃত ছালৰ কোষো ওলাই আহিবলৈ আৰম্ভ কৰিব।

অধিক পঢ়কঃ ৰাতিপুৱা খালি পেটত চাহ খালে হয় এইবোৰ ভয়ানক বেমাৰ ! দুগুনে বাঢ়িব বেমাৰ ।

নাৰিকল তেল

ছালৰ যত্ন আৰু চুলিৰ যত্নত নাৰিকল তেল বহুলভাৱে ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও ভৰিত লগাব পাৰি যাতে ফাটি যোৱা গোৰোহা পুনৰ কোমল হয়। ২ চামুচ নাৰিকল তেল লৈ গোৰোহাত লগাব। এতিয়া মোজা পিন্ধি শুই যাওক। নাৰিকল তেলে ফাটি যোৱা গোৰোহাত গভীৰ আৰ্দ্ৰতা দিয়ে, যাৰ ফলত ছালৰ সকলো তৰপ কোমল হৈ পৰে।

পিঠাগুৰি

ফাটি যোৱা গোৰোহা স্ক্ৰাব কৰিবলৈ এই চাউলৰ পিঠাগুৰি ব্যৱহাৰ কৰক। ইয়াৰ ফলত ভৰিৰ গোৰোহাৰ পৰা মৃত ছাল আঁতৰি যায়। ২ৰ পৰা ৩ চামুচ পিহি লোৱা পিঠাগুৰি লৈ তাত এচামুচ মৌ মিহলাই লওক। যদি আপেল চাইডাৰ ভিনেগাৰ আছে তেন্তে তাৰ ৩ৰ পৰা ৪ টোপাল দিব। এই পেষ্ট ভৰিত লগাই ১০ মিনিট ৰখাৰ পিছত ধুব।

*এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ বাবেহে দিয়া হৈছে, AssamPrime24 এ এই তথ্যৰ নিশ্চয়তা প্ৰদান নকৰে আৰু দায়িত্ব গ্ৰহণ নকৰে। অধিক নিশ্চিত বিৱৰণৰ বাবে বিশেষজ্ঞ আৰু অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওঁক।লেখাবোৰ পঢ়ি ভাল পালে যদি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।

1 thought on “এই ৫ বিধ সামগ্ৰী ব্যৱহাৰ কৰি দূৰ কৰক ফটা গোৰোহাৰ সমস্যা। ঘৰুৱা সামগ্ৰীৰে চিকিৎসা।”

Leave a Comment