বহু ৰাতিলৈ টোপনি নহা সকলে আজিয়ে কৰক এই কাম। দূৰ হ’ব সকলো সমস্যা।

some home remedy for insomniaঃ নিজৰ স্বাস্থ্যৰ ভালদৰে যত্ন ল’বলৈ হ’লে টোপনিৰ প্ৰতি মনোযোগ দিয়াটো অতি গুৰুত্বপূৰ্ণ। ভাল টোপনিয়ে আপোনাক শক্তিশালী অনুভৱ কৰায়। লগতে ওজন কমাবলৈও সহায় কৰে। আচলতে পৰ্যাপ্ত পৰিমাণে টোপনি গ’লে আপোনাৰ স্বাস্থ্যৰ উন্নতি হয়।

কিন্তু ৰাতি ভালকৈ টোপনি নলগা বহু লোক আছে। সেইবাবেই তেওঁলোক প্ৰায়ে শাৰীৰিক আৰু মানসিকভাৱে বিকাৰগ্ৰস্ত হৈ থাকে। যদি আপোনাৰ নামো এনে লোকৰ তালিকাত অন্তৰ্ভুক্ত হয়, তেন্তে এতিয়া আপুনি কিছুমান সহজ ব্যৱস্থা গ্ৰহণ কৰা উচিত। এনে বহু ঘৰুৱা উপায় আছে, যিবোৰে আপোনাক ভালদৰে টোপনি অহাত সহায় কৰিব পাৰে।

গৰম গাখীৰ খোৱাঃ যদি আপুনি ৰাতি ভাল আৰু মানসম্পন্ন টোপনি পাব বিচাৰে তেন্তে শুৱাৰ আগতে এগিলাচ গৰম গাখীৰ খাব । গৰম গাখীৰে আপোনাৰ টোপনিৰ মান উন্নত কৰে। ইয়াৰ ফলত ৰাতি ভালদৰে টোপনি আহে।

কেমোমিল চাহ খাবঃ যদি আপুনি চাহ খাবলৈ ভাল পায় তেন্তে ৰাতি কেমোমিল চাহ খোৱাৰ অভ্যাস কৰক। কেমোমিল চাহত থকা ফ্লেভন’ইডে আপোনাক ভাল টোপনিত সহায় কৰে। মনত ৰাখিব যে শুৱাৰ আগতে কেফেইনযুক্ত চাহ একেবাৰে খাব নালাগে।

অধিক পঢ়কঃ ননষ্টিক কুকিং পেনত ৰন্ধা খাদ্য খালে বেমাৰ বৃদ্ধি হয় নেকি ? কিমান সত্য এই কথা ?

দালচেনিঃ মছলা হিচাপে দালচেনি ব্যৱহাৰ কৰা হয়। এই মছলা আপোনাৰ স্বাস্থ্যৰ বাবে ভাল উপকাৰ পাৰে। ৰাতি শুৱাৰ আগতে এগিলাচ গৰম গাখীৰত দালচেনিৰ গুড়ি মিহলাই লওক। ইচ্ছা কৰিলে তাত কিছু মৌও দিব পাৰে।

মুলেটিঃ অনিদ্ৰাৰ সৈতে মোকাবিলা কৰাত লিকোৰাইচ ঔষধি উপাদান বুলি জনা যায়। শুৱাৰ আগতে লিকোৰাইচৰ শিপাৰ গুড়ি এগিলাচ গৰম গাখীৰত মিহলাই খাব লাগে। ইয়াৰ ফলত আপোনাৰ টোপনি ভাল হ’ব।

শুৱাৰ ধৰণ উন্নত কৰাঃ টোপনিৰ ধৰণ উন্নত কৰিও টোপনি ভাল কৰিব পাৰে। প্ৰতি নিশা নিৰ্দিষ্ট সময়ত শুবলৈ আৰু সাৰ পাবলৈ চেষ্টা কৰক। ইয়াৰ ফলত ক্ৰমান্বয়ে নিয়মীয়াকৈ শুই উঠাৰ সময়ত থিতাপি লোৱাৰ লগতে ৰাতি ভালদৰে টোপনি অহাত সহায়ক হ’ব। লগতে শুৱাৰ আগতে কম্পিউটাৰ, টেলিভিছন বা মোবাইলৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক।

*এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ বাবেহে দিয়া হৈছে, AssamPrime24 এ এই তথ্যৰ নিশ্চয়তা প্ৰদান নকৰে আৰু দায়িত্ব গ্ৰহণ নকৰে। অধিক নিশ্চিত বিৱৰণৰ বাবে বিশেষজ্ঞ আৰু অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওঁক।লেখাবোৰ পঢ়ি ভাল পালে যদি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।

4 thoughts on “বহু ৰাতিলৈ টোপনি নহা সকলে আজিয়ে কৰক এই কাম। দূৰ হ’ব সকলো সমস্যা।”

  1. শুদ্ধ ভাবে কথাবোৰ লিখিব লাগে। (শুই উঠাৰ আগতে কেফেইনযুক্ত চাহ একেবাৰে খাব নালাগে।), শুই উঠাৰ আগতে মানে শুই থকাৰ সময়ত কেনেকৈ খাব বুজি নাপালো।

    Reply

Leave a Comment