থাইৰয়ড হলে শৰীৰত দেখা যায় এই সমূহ লক্ষণ। জানক কি এই লক্ষণ ।

আজিৰ সময়ত থাইৰয়ড এটা সাধাৰণ স্বাস্থ্যজনিত সমস্যাত পৰিণত হৈছে আৰু এই সমস্যা মহিলাৰ ক্ষেত্ৰত বেছিকৈ দেখা যায়। থাইৰয়ড আচলতে পখিলাৰ আকৃতিৰ গ্ৰন্থি, যিয়ে বিপাকীয় ক্ৰিয়াৰ গতি নিয়ন্ত্ৰণ কৰা হৰম’ন উৎপন্ন কৰে। থাইৰয়ড বিকাৰে থাইৰয়ড হৰম’নৰ উৎপাদনত ব্যাঘাত জন্মাই বিপাকীয় ক্ৰিয়া লেহেমীয়া বা পৰিৱৰ্তন কৰিব পাৰে। এনে পৰিস্থিতিত যেতিয়া হৰম’নৰ মাত্ৰা অতি কম বা বেছি হয়, তেতিয়া আপুনি ইয়াৰ লক্ষণসমূহো দেখা পায়। গতিকে সেই লক্ষণসমূহৰ বিষয়ে আজি আলোচনা কৰা যাওক-

ওজন বৃদ্ধি বা হ্ৰাস

স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে কোনো নিৰ্দিষ্ট কাৰণ নোহোৱাকৈ ওজন বৃদ্ধি হোৱাটো থাইৰয়ডৰ প্ৰথম আৰু প্ৰধান লক্ষণ বুলি গণ্য কৰা হয়। ওজন বৃদ্ধিয়ে থাইৰয়ড হৰম’নৰ মাত্ৰা কম হোৱাৰ ইংগিত দিব পাৰে, যিটো অৱস্থাক হাইপ’থাইৰয়ডিজম বুলি জনা যায়। ইয়াৰ বিপৰীতে যদি থাইৰয়ডে শৰীৰৰ প্ৰয়োজনতকৈ অধিক হৰম’ন উৎপাদন কৰে তেন্তে আপুনি অভাৱনীয়ভাৱে ওজন কমাব পাৰে। ইয়াক হাইপাৰথাইৰয়ডিজম বুলি জনা যায়।

ডিঙিত ফুলা

স্বাস্থ্য বিশেষজ্ঞৰ মতে থাইৰয়ডৰ বাবে ডিঙিত প্ৰায়ে ফুলি উঠিব পাৰে। থাইৰয়ড হ’লেও গ’ইটাৰ হ’ব পাৰে। কেতিয়াবা ডিঙি ফুলা থাইৰয়ড কেন্সাৰ বা থাইৰয়ডৰ ভিতৰত গজি উঠা গোটা নোডুল (nodule)ৰ ফলত হ’ব পাৰে।

হৃদস্পন্দনৰ পৰিৱৰ্তন

থাইৰয়ড হৰম’নে শৰীৰৰ প্ৰায় প্ৰতিটো অংগকে প্ৰভাৱিত কৰে আৰু ইয়াৰ ভিতৰত আপোনাৰ হৃদযন্ত্ৰও অন্তৰ্ভুক্ত। হাইপোথাইৰয়ডিজমত আক্ৰান্ত লোকৰ হৃদস্পন্দন স্বাভাৱিকতকৈ লেহেমীয়া হ’ব পাৰে। একে সময়তে হাইপাৰথাইৰয়ডিজমৰ বাবে হৃদযন্ত্ৰ দ্ৰুত হ’ব পাৰে।

শক্তি বা মেজাজৰ পৰিৱৰ্তন

থাইৰয়ডৰ বিকাৰেও আপোনাৰ শক্তিৰ মাত্ৰা আৰু মেজাজৰ ওপৰত প্ৰভাৱ পেলায়। হাইপোথাইৰয়ডিজমে মানুহক ভাগৰুৱা, অলস আৰু হতাশ অনুভৱ কৰায়। হাইপাৰথাইৰয়ডিজমৰ ফলত উদ্বেগ, টোপনি নোহোৱা, অস্থিৰতা আৰু খিংখিঙীয়া অৱস্থা হ’ব পাৰে।

অধিক পঢ়কঃ বহু ৰাতিলৈ টোপনি নহা সকলে আজিয়ে কৰক এই কাম। দূৰ হ’ব সকলো সমস্যা।

চুলি সৰা

স্বাস্থ্য বিশেষজ্ঞৰ মতে চুলি সৰাও থাইৰয়ড বিকাৰৰ লক্ষণ। হাইপোথাইৰয়ডিজম আৰু হাইপাৰথাইৰয়ডিজম দুয়োটাই চুলি সৰাব পাৰে। বেছিভাগ ক্ষেত্ৰতে থাইৰয়ড বিকাৰৰ চিকিৎসাৰ পিছত চুলি পুনৰ গজি উঠে।

অতি ঠাণ্ডা বা গৰম অনুভৱ কৰা

থাইৰয়ড বিকাৰে শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণৰ ক্ষমতাত ব্যাঘাত জন্মাব পাৰে। হাইপোথাইৰয়ডিজম ৰোগীয়ে প্ৰায়ে সাধাৰণতকৈ বেছি ঠাণ্ডা অনুভৱ কৰে। আনহাতে, হাইপাৰথাইৰয়ডিজমৰ ইয়াৰ বিপৰীত প্ৰভাৱ পৰে, যাৰ ফলত অত্যধিক ঘামচি ওলোৱা আৰু হিটষ্ট্ৰ’ক হয়।

*এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ বাবেহে দিয়া হৈছে, AssamPrime24 এ এই তথ্যৰ নিশ্চয়তা প্ৰদান নকৰে আৰু দায়িত্ব গ্ৰহণ নকৰে। অধিক নিশ্চিত বিৱৰণৰ বাবে বিশেষজ্ঞ আৰু অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওঁক।লেখাবোৰ পঢ়ি ভাল পালে যদি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।

1 thought on “থাইৰয়ড হলে শৰীৰত দেখা যায় এই সমূহ লক্ষণ। জানক কি এই লক্ষণ ।”

Leave a Comment